21/06/2026
১৯.০৬.২০২৬
(৪ আহাৰ; শুক্লা পঞ্চমী)
ঘৰ লোৱা পৰ্ব
এয়া এজন সাধাৰণ শিক্ষকৰ জীৱনৰ বহু বছৰৰ ধৈৰ্য, হাঁহি - কান্দোন, আৰু কষ্টৰ ফল। যোৱা ১৯ তাৰিখে সেই সপোনৰ ঘৰটোৰ ভূমিতল প্ৰায় সম্পূৰ্ণ হৈ ঘৰ লোৱা পৰ্ব সম্পাদন কৰা হয়। এতিয়া মাত্ৰ কিছু শেষ পৰশ বাকী আছে, সম্ভৱতঃ পিছৰ মাহত সম্পূৰ্ণ হ'ব লাগে। পৰিকল্পিতভাৱে ঘৰটো কোনো ব্যক্তিগত খ্যাতিৰ বাবে নহয়, বৰঞ্চ এটি বিবাহ ভৱনৰ ৰূপত বনোৱা হৈছে য'ত মিলন, আশীৰ্বাদ আৰু বান্ধোন, প্ৰীতিৰ অলেখ কাহিনী ৰচিব। প্ৰাৰ্থনা মাথোঁ এয়াই আগন্তুক বছৰবোৰত ইয়াত অগণন শুভ অনুষ্ঠান, হাঁহি-আনন্দ, সুখৰ মুহূৰ্ত আৰু সকলোৰে আশীৰ্বাদেৰে ভৰি থাকক। আশীৰ্বাদ কৰিব।