Nrityanjalee

Nrityanjalee An institute of Classical dance and music at Kushal Nagar,Jorhat,Assam.
9101079897

Nrityanjalee was established by the renouwned dancer Anjali Borbora Borthakur in 2000 with a vision to impart training of Sattriya and Bharatnatyam dance.

16/04/2026
“বিহুৰে বিৰিণা পাত”যোৱা ইংৰাজী ১২ এপ্ৰিল ২০২৬ তাৰিখে নৃত্যাঞ্জলী পৰিয়ালে আগন্তক চেনেহৰ ৰঙালী বিহুটি  “ বিহুৰে বিৰিণা পাত...
13/04/2026

“বিহুৰে বিৰিণা পাত”

যোৱা ইংৰাজী ১২ এপ্ৰিল ২০২৬ তাৰিখে নৃত্যাঞ্জলী পৰিয়ালে আগন্তক চেনেহৰ ৰঙালী বিহুটি “ বিহুৰে বিৰিণা পাত ” নামেৰে চামেলীমেম চাহাব বাংলোৰত উদযাপন কৰে।

অনুস্হানত নৃত‍্যাঞ্জলী সভাপতি শ্ৰী যুত সুৰেন্দ্ৰ নাথ শইকীয়া , কৰ্যকৰী সভাপতি বিশিষ্ট ক্ৰীয়া সংগঠক তথা জনমভুমি কাকতৰ জেষ্ঠ সাংবাদিক দিগন্ত বুঢ়াগোহাঁই,যোৰহাটৰ সাংস্কৃতি জগতৰ জনপ্ৰিয় ব্যক্তি তথা সংগীত পৰিচালক জয়ন্ত নাথ,বিহু বিশেষজ্ঞ বাবুল বৰা, ক্ৰিছেন্ট একাডেমীৰ অধ‍্যক্ষ জিতা বৰুৱা, পোহৰ লাইভ এইট সঞ্চালক অমৰ বৰুৱা,অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক উত্তম কুমাৰ হাজৰিকা, সাংস্কৃতিক কৰ্মী বিশিষ্ট চিকিৎসক ডাঃ গোলাপ ডেকা, বিশিষ্ট সাংবাদিক ৰিয়াৰাণী দত্ত, সাংবাদিক অনুপম বৰা,নৃত্য শিল্পী চেতনা বুঢ়াগোহাঁই, সাংস্কৃতিক কৰ্মী বিশিষ্ট লোকশিল্পী অনিল চন্দ্ৰ হাজৰিকা, শিক্ষাবিদ পলী বৰুৱা, বিশিষ্ট নৃত‍্য শিল্পী অমিয়া মাধুৰী পাওগাম , মাধুৰীমা বৰুৱা, ভাৰ্গৱী ফুকন, পূৰৱী শইকীয়াকে প্ৰমূখ্য কেইবাজনো বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে।নৃত্যাঞ্জলীৰ সঞ্চালিকা অঞ্জলি বৰবৰা বৰঠাকুৰে এগচি বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰশিক্ষক আৰু প্ৰক্ষিক্ষাৰ্থী সকলৰ প্ৰাৰ্থনাৰে অনুস্থানটি আৰম্ভ কৰা হয়।বিদ্যালয়ৰ কনিষ্ঠ আৰু জ্যেষ্ঠ শিক্ষাৰ্থীৰ কেইবাটাও গোটে বিহু নৃত্য পৰিৱেশন কৰাৰ সমান্তৰালকৈ অভিভাৱক সকলেও হিয়া মন উজাৰি বিহু নৃত্য পৰিৱেশন কৰে। শেষত দৰ্শক সকলৰ মন পৰশা বিহু উদযাপন কৰাৰ পাছতে ছাত্ৰী সকলক উপস্থিত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।
বিহু প্ৰশিক্ষকৰ দায়িত্বত থকা বিশিষ্ট শিল্পী মালবিকা মেধি বৰদলৈ,মনোৰঞ্জন বৰা আৰু ময়ূৰী বৰাক নৃত্যাঞ্জলীৰ পৰিয়ালে কৃতজ্ঞতা জনায় ।নৃত্যাঞ্জলীৰ সঞ্চালিকা অঞ্জলী বৰবৰা বৰঠাকুৰে শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে অনুস্হান ভাগি সামৰণি পৰে।

12/04/2026

নৃত‍্যাঞ্জলীৰ কনিষ্ঠ ছাত্ৰী সকল..

12/04/2026
আজি ২/০৪/২০২৬ তাৰিখে নৃত্যাঞ্জলিৰ বাৰ্ষিক পৰীক্ষাৰ মানপত্ৰ প্ৰদান অনুস্থানৰ লগতে নৃত্যাঞ্জলিৰ উদ্যোগত  অনুষ্ঠিত কৰা বিহু...
02/04/2026

আজি ২/০৪/২০২৬ তাৰিখে নৃত্যাঞ্জলিৰ বাৰ্ষিক পৰীক্ষাৰ মানপত্ৰ প্ৰদান অনুস্থানৰ লগতে নৃত্যাঞ্জলিৰ উদ্যোগত অনুষ্ঠিত কৰা বিহু নাচৰ আখৰা খনিৰ শুভাৰম্ভ কৰা হয়।
আজি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে বিশিষ্ট বিহু বিশেষজ্ঞ শ্ৰীযুত বাবুল বৰা, বিশিষ্ট নৃত‍্য শিল্পী শ্ৰীযুতা শেৱালি বৰুৱা, বিশিষ্ট সংবাদদাতা অমৰ বৰুৱা, শিক্ষাবিদ তথা নৃত্যাঞ্জলিৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অতুল বৰঠাকুৰদেৱৰ লগতে কেইবাজনো গণ্য-মান্য ব্যক্তি ।অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শ্ৰীযুত বাবুল বৰাদেৱে। লগতে তেখেতৰ ঢোলবাদনেৰে বিহুৰ আখৰা শুভাৰম্ভ কৰা হয়।আখৰাখনিত ভালে সংখ‍্যাক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহু ।শীতৰ সেমেকা পৰিৱেশ আঁতৰাই প্রকৃতিয়ে এই সময়তে নৱবৰ্ষক আদৰণি জনাব ।শাস্ত্ৰীয় নৃত‍্য গীতৰ লগ...
29/03/2026

অসমীয়াৰ জাতীয় উৎসৱ ৰঙালী বিহু ।শীতৰ সেমেকা পৰিৱেশ আঁতৰাই প্রকৃতিয়ে এই সময়তে নৱবৰ্ষক আদৰণি জনাব ।শাস্ত্ৰীয় নৃত‍্য গীতৰ লগতে নৃত‍্যাঞ্জলীয়ে প্ৰতি বৰ্ষতে নৱজন্মক বিহুৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। অহা ২ এপ্ৰিলৰ পৰা এই বৰ্ষৰ আখৰা আৰম্ভ কৰা হ’ব।
আপোনালোকৰ সহযোগিতা কামনা কৰিলো।

22/03/2026

Sunday practice at classroom.

Address

Jorhat
785001

Opening Hours

Saturday 3pm - 6pm
Sunday 9am - 12am

Telephone

+919435357613

Alerts

Be the first to know and let us send you an email when Nrityanjalee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nrityanjalee:

Share